ৰঙিয়া মহাবিদ্যালয়ত এন চি চিৰ হীৰক জয়ন্তীৰ সফল সামৰণি

 11/29/2022 - 18:37

 

ৰঙিয়াঃ ৰঙিয়া মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত এনচিচিৰ হীৰক জয়ন্তী বৰ্ষৰ বিভিন্ন কাৰ্যসূচীৰ আজি সামৰণি পৰে। মহাবিদ্যালয়খনৰ এন চি চি কেডেট সকলে আয়োজন কৰা অনুষ্ঠানটো কালি মাৰ্চ পাছেৰে শুভাৰম্ভ কৰা হয়। লগতে মহাবিদ্যালয়খনৰ এন চি চি গোটৰ প্ৰথম গৰাকী তত্বাৱধায়ক তথা অৱসৰপ্ৰাপ্ত অধ‍্যাপক গোলোক চন্দ্ৰ ভুঞাক তেওঁৰ বাসগৃহত গৈ মহাবিদ্যালয় খনৰ এন চি চিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

 

আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এন চি চিৰ কেডেট সকলে এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰে। পৰিমিতা বড়ো আৰু অভিনন্দন প্ৰকাশ শৰ্মাই আঁত ধৰা সভাখনত মহাবিদ্যালয় খনৰ অধ‍্যক্ষ ড৹ ব্ৰজেন্দ্ৰ শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ ডেকা, সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি ৰমণী ৰাজবংশী, মহাবিদ্যালয় খনৰ মহিলা গোটৰ তত্বাৱধায়ক মঞ্জুশ্ৰী দেবী আৰু এনচিচিৰ পুৰুষ গোটৰ তত্বাৱধায়ক ফুলেন দাসৰ লগতে ন-পুৰণি ছাত্র-ছাত্ৰীসকল উপস্থিত থাকে। 


মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰিক তথা ৰঙিয়া এনচিচিৰ মহিলা গোটৰ তত্বাৱধায়ক মঞ্জুশ্ৰী দেৱীয়ে সভাৰ উদ্দেশ্য ব‍্যাখ‍্যা কৰি বিশিষ্ট বক্তা সকলে এন চি চিৰ ইতিহাসৰ ওপৰত বক্তব্য আগবঢ়ায়। উক্ত কাৰ্যসূচীত এন চি চিৰ মহিলা গোটৰ পাঁচ গৰাকী কেডেটক পদোন্নতি প্ৰদান কৰা হয়। সভাৰ অন্তত ৰঙিয়া মহাবিদ্যালয়ৰ এন চি চি কেডেট সকলে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটোত কেডেট সকলে সকলে সংগীত আৰু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে কনকলতা নামৰ এখন নাটক মঞ্চস্থ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।