চাপৰৰ প্ৰাথমিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড, প্ৰসূতি মহিলাক প্ৰসৱ কৰাৰ বিনিময়ত ANM আৰু GNM-ক লাগে টকা

 11/29/2022 - 18:47

 

 

পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিলে চাপৰ সামূহিক চিকিৎসালয়। বাইদেউসকলে দুশ টকা নলয় তেখেতসকলক লাগে একৰ পৰা দুই হাজাৰ টকা।

 

ANM আৰু GNM বাইদেউক টকা নিদিলে লিপ্ত হয় তৰ্ক-বিতৰ্কত। ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত চাপৰ সামূহিক চিকিৎসালয়ত এটাৰ পিছত আন এটা অভিযোগেৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। ধুবুৰী জিলাৰ চাপৰ চিকিৎসালয়ত ANM আৰু GNMৰ অতপালি।

 

এইবাৰ প্ৰসূতি মহিলাৰ প্ৰসৱ কৰাৰ বাবদ আজিয়া আৰু মফিদা নামৰ দুগৰাকী নাৰ্ছে প্ৰতিগৰাকী প্ৰসূতি ৰোগীৰ পৰা ডেলিভাৰী কৰাৰ বাবদ এক হাজাৰ টকাৰ পৰা ডেৰ হাজাৰ টকা দাবী কৰে আৰু যদি টকা নিদিয়ে তেন্তে ৰোগী সকলক অন্য ঠাইলৈ প্ৰেৰণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে। টকা নিদিলে লিপ্ত হয় তৰ্ক-বিতৰ্কত।

 

ধন আদায় নিদিলে ৰোগীক অইন ঠাইলৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে। আনফালে আশা কৰ্মীসকলে ৰোগী লৈ আহিলে ওলোটাকৈ ANM আৰু GNM বাইদেউ দুগৰাকীয়ে বিভিন্ন অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে।

 

উক্ত ঘটনা সংক্ৰান্তত চাপৰ সামূহিক চিকিৎসালয়ৰ SDM ক অভিযোগ দিবলৈ আহি সকলো কথা বিৱৰি কলে ভুক্তভোগীয়ে। পূৰ্বতেই তেখেতসকলে চিকিৎসালয়খনৰ মুৰব্বী ড: হুছেইন আলী আহমেদক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো পদক্ষেপ নলোৱাৰ দুখ প্ৰকাশ কৰে সাংবাদিকৰ আগত।

 

চৰকাৰী চিকিৎসালয়ৰ এনে কৰ্ম কাণ্ডই এতিয়া সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। এতিয়া প্ৰশ্ন হয় এখন চৰকাৰী চিকিৎসালয়ত নাৰ্ছৰ এনে কৰ্মকাণ্ডৰ নাকি লগাব কোনে? জিলা প্ৰশাসন আৰু বিভাগীয় কতৃপক্ষই উক্ত ঘটনা সংক্ৰান্তত কি ব্যবস্থা হাতত লয় সেয়া হব লক্ষণীয়?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।