বৰপেটাৰ কাটাঝাৰত ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দোমনীঘাট মহোৎসৱৰ আৰম্ভণি

 12/02/2022 - 12:14

 

শালবাৰীঃ কাটাঝাৰ পাথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত ৰাজীৱ গান্ধী মিনিষ্টেডিয়ামত দোমনীঘাট মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন৷ উৎসৱৰ লগত সংগতি ৰাখি ৰচনা কৰা উদ্বোধনী গীত পৰিৱেশন কণ্ঠশিল্পী প্ৰিয়ম দাসৰ৷ তাৰ পিছতেই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন আয়োজকৰ৷

 

প্ৰতিদিনেই আলোচনা চক্ৰ, সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে চলিব আমন্ত্ৰিত অতিথিৰ সাংস্কৃতিক অনুষ্ঠান৷ বেঁকী নৈৰ দুইপাৰৰ সমাজ জীৱনৰ বান্ধোনক কটকটীয়া কৰাৰ উদ্দেশ্যে আগত ৰাখিয়েই আয়োজন কৰা হৈছে এই মহোৎসৱৰ৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।