বৰভাগত নতুনকৈ স্থাপন কৰা নুনমাটি পাব্লিক স্কুলৰ নামভৰ্তিৰ প্ৰ-পত্ৰ প্ৰদানৰ শুভাৰম্ভ

 12/02/2022 - 17:48

 

বাহাৰঘাটঃ নলবাৰী জিলাৰ বৰভাগত অনুষ্ঠিত গুৱাহাটী নুনমাতিস্থিত নুনমাটি পাব্লিক স্কুলৰ নতুনকৈ স্থাপন কৰা বৰভাগ শাখাটোৰ আগন্তুক ২০২২-২৩ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে আজি ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰে। এই প্ৰ-পত্ৰ প্ৰি নাৰ্চাৰীৰ শিক্ষাৰ্থীক দিয়া হয়। এই উপলক্ষে বিদ্যালয়খনৰ সভা গৃহত অৱসৰী প্ৰধান শিক্ষক জ্যোতিষ চন্দ্ৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা।

 

শিক্ষক মুকুল লহকৰে আঁত ধৰা তথা উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উপস্থিত থাকি বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ ফালৰপৰা আদৰণি ভাষণ প্ৰদান কৰি ডম্বৰু ধৰ তালুকদাৰে বিদ্যালয়খন স্থাপনৰ পৰিকল্পনাৰ ওপৰত বক্তব্য প্ৰদান কৰে। তেওঁ চি বি এছ চিৰ অন্তৰ্ভূক্ত এই বিদ্যালয়খন একাদশ শ্ৰেণীলৈ উন্নীতকৰণ কথা অৱগত কৰাৰ লগতে উচ্চ শ্ৰেণীত বিজ্ঞান, কলা আৰু বানিজ্য বিষয় থাকিব বুলি অৱগত কৰে।

 

আজি যদিও প্ৰি নাৰ্চাৰীক প্ৰ-পত্ৰ হয় এই প্ৰ-পত্ৰ একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবেও মুকলি থাকিব বুলি কয়। অহা ২০২৩ বৰ্ষৰ ২ জানুৱাৰীৰ পৰা নামভৰ্ত্তিৰ আৰম্ভণি কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অঞ্চলটোৰ বিদ্যায়তনিক দিশটোৰ ওপৰত বহু আশা প্ৰকাশ কৰে। সভাত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট নাগৰিক, অভিভাৱক উপস্থিত থাকি শৈক্ষিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। সভাত অংশগ্ৰহণ কৰে বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হলধৰ কলিতা, অৱসৰী প্ৰধান শিক্ষক বাহৰুল হচেইন, অৱসৰী অধ্যাপক কনক চন্দ্ৰ লহকৰ, শিক্ষক মানবেন্দ্ৰ বৰুৱা, মুকুল আলী, প্ৰদীপ চক্ৰৱৰ্তী, হৰিপ্ৰসাদ ডেকা আদিকৰি কেইবাগৰাকী বিশিষ্ট নাগৰিক। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।