নলবাৰীত অসম দিৱস উপলক্ষে গছপুলি ৰোপণ

 12/02/2022 - 18:22

 

 

নলবাৰীঃ আজি অসম দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো উদযাপন কৰা হয় পবিত্ৰ "অসম দিৱস"। নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অন্তৰ্গত জাতীয় মহিলা পৰিষদে গছপুলি ৰোপন কাৰ্যসূচীৰে অসম দিৱস উদযাপন কৰাৰ লগতে বীৰ, বৃহত্তৰ অসমীয়া সংস্কৃতিক গঢ় দিয়া চাওলুং চ্যুকাফালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। প্ৰথমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ মুখ্য কাৰ্যালয় চৌহদত পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সম্পাদক যোগেশ কলিতাই আঁত ধৰা সভাখনত উক্ত সংগঠনৰে সভাপতি নিৰোদ দাস (ৰাজ) ই পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত জাতীয় মহিলা পৰিষদে গছপুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰে। কাৰ্যসূচীত উপস্থিত থাকে জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী পম্পী দেৱী, সম্পাদিকা জুতিকা শৰ্মা, কেন্দ্ৰীয় সমিতিৰ দিপিকা লহকৰ,বিষয়ববীয়া দিপ্তিমনি দেৱী, মৌচুমী দাস লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উপসভাপতি কৌশিক বৰ্মনকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।