বাইহাটা চাৰিআলিঃবিধায়ক দিগন্ত কলিতাৰ উদ্যোগত কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় প্ৰাংগণত উদ্দীপনা নামেৰে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় ৩৫০০ গৰাকী শিক্ষাৰ্থীক কিতাপ আৰু শুভেচ্ছা প্ৰদান কৰা হয়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্ত, মঙ্গলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়া উপস্থিত থাকে। লগতে বিধায়ক দিগন্ত কলিতাই কয় যে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত কমলপুৰ সমষ্টিৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰি সৰ্বশ্ৰেষ্ঠ ফলাফল দেখুৱাব পৰা ছাত্ৰ-ছাত্ৰী গৰাকীৰ মাজত বিধায়ক আৰু সাংসদ গৰাকীৰ দৰমহাৰ পৰা নগদ এক লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। অনুষ্ঠানৰ প্ৰাক মূহুৰ্তত মুখ্য অতিথিসকলে দাপোন পৰিপূৰীকা নামৰ গ্ৰন্থ এখনো উন্মোচন কৰে। উক্ত সভাত বিশিষ্ট শিক্ষাবীদ কেইগৰাকীয়ে ছাত্র-ছাত্ৰীসকলৰ উদ্দেশ্যে বহু তত্ব গধুৰ ভাষণেৰে শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ বিভিন্ন দিহা পৰামৰ্শও আগবঢ়াই।