ঢকুৱাখনাৰ কৃষি বিষয়াৰ কাৰ্য্যালয়ত HDFC ERGO-ৰ উদ্যোগত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সন্দৰ্ভত সজাগতা সভা

 12/06/2022 - 12:47

 

 


ঢকুৱাখনাঃ আজি ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ত HDFC ERGO-ৰ উদ্যোগত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।
মহকুমা কৃষি বিষয়া গৌতম ডেকা, মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু HDFCৰ বিষয়াই চলিত আলু, সৰিয়হ, কুঁহিয়া আৰু গ্ৰীষ্মকালীন ধান খেতিৰ ক্ষয় ক্ষতিৰ আদি প্ৰকৃত কৃষকসকলে যাতে লাভ কৰে তাৰ বাবে প্ৰকৃত কৃষকসকলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত উক্ত খেতি সমূহৰ ফচল বীমা কৰিবলৈ অনুৰোধ জনায়। লগতে এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এক স্কুটি ৰেলী বাহিৰ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।