খাৰুপেটিয়া: দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত আৰিমাৰী গাঁৱত অৱস্থিত এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান। থকা খোৱাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ বিনামূলীয়াভাৱে পাঠদান কৰা হয় শিক্ষানুষ্ঠানখনত। জিলাখনৰ ৪নং আৰিমাৰী গাঁৱত ১১ বছৰ আগতে স্থাপিত হৈছিল মনছুৰীয়া হাফিজীয়া ও খাৰিজীয়া নামৰ শিক্ষানুষ্ঠানখন। জানিব পৰা মতে ১২০ জন ছাত্রৰ পৰিৱৰ্তে ৮ জন শিক্ষকে পাঠদান কৰা শিক্ষানুষ্ঠানখনত ধৰ্মীয় শিক্ষাৰ লগতে অসমীয়া মাধ্যমৰ শিক্ষা প্ৰদান কৰা হয়।
সমাজ সেৱক জয়নাল আব্দিন, ওজাগাঁও গাঁও পঞ্চায়তৰ সভাপতি জিয়াৰুল হকৰ লগতে অৰ্ধ শতাধিক ৰাইজৰ উপস্থিতিত মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি আজগৰ আলীৰ সঞ্চালনাত আয়োজিত সভাত আনুষ্ঠানিক মুকলি কৰা হয় হোষ্টেলৰ। পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ছাহাজল হকে জানিবলৈ দিয়া মতে ছাত্রসকলৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি আগন্তুক বৰ্ষৰ পৰা কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব ধৰ্মীয় শিক্ষানুষ্ঠান খনত।