12/08/2022 - 17:44
in
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বালিজুৰি নিবাসী দৰিদ্ৰ পৰিয়ালৰ যুৱক ভূৱন ভাণ্ডাৰীৰ বাসগৃহত অনুষ্ঠিত হয় ভাগৱত পাঠ৷ অঞ্চলটোৰ ৰাইজৰ সহযোগিতাত সাতদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানত বুধবাৰে এক আকৰ্ষণীয় এক লাখ বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন হয়। বৈকুণ্ঠ নগৰীত পৰিণত হোৱা জামুগুৰিহাটৰ বালিজুৰীত হেজাৰ হেজাৰ ভক্তই অংশগ্ৰহণ কৰি এক লাখ বন্তি প্ৰজ্বলন এক মাংগলিক নিয়মৰে উলহ-মালহৰে পালন কৰা দেখা যায়। পূৰ্বপুৰুষৰ আত্মাৰ শান্তি আৰু ভৱিষ্যত প্ৰজন্মৰ কল্যানৰ হকে গুৰুজনাৰ আদৰ্শৰে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে সাতদিনিয়াকৈ পৱিত্ৰ ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজক সকলে জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত ভাগৱত পাঠৰ ব্যাখ্যা কৰে প্ৰবচক গুৰুজী সোমনাথ পৌড়েলে আৰু পণ্ডিত ভাস্কৰ ভাণ্ডাৰীয়ে পৰিচালক ভাগৱতৰ প্ৰৱক্তা হিচাপে অংশগ্ৰহণ কৰে।