ডুমডুমাৰ BRM মহাবিদ্যালয়ৰ ছাত্ৰীসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান

 12/10/2022 - 17:13

 

ডুমডুমাঃ সাম্প্ৰতিক মহিলা-যুৱতীৰ বিৰুদ্ধে সংঘটিত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ডুমডুমাৰ বীৰ ৰাঘৱ মৰান চৰকাৰী আদৰ্শ মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ছাত্ৰীসকলক শাৰীৰিক সক্ষমতাৰ প্ৰশিক্ষণৰ লগতে যিকোনো প্ৰতিকুল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ এক সজাগতা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে| তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত অনুষ্ঠানত উপ আৰক্ষী অধীক্ষক হীৰণ্য বৰাৰ নেতৃত্বত 5 জনীয়া বীৰাঙ্গনাৰ এটা দলে ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমৰজ্যিত শইকীয়াই জানিবলৈ দিয়ামতে প্ৰশিক্ষণত কৰ্দৈগুৰি মধ্য ইংৰাজী বিদ্যালয়, ৰূপাই জাতীয় বিদ্যালয়, ডুমডুমা জুনিয়ৰ কলেজ, ডুমডুমা মহাবিদ্যালয় আৰু BRM মহাবিদ্যালয়ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে| 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।