বৰভাগ মহাবিদ্যালয়ত ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০২২

 12/11/2022 - 18:06

 

 

বাহাৰঘাটঃ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, নলবাৰীয়ে আয়োজন কৰা আৰু বৰভাগ মহাবিদ্যালয়, সন্ধান আৰু অসম বিজ্ঞান সমিতি, বৰভাগ শাখাৰ সহযোগত অনুষ্ঠিত নলবাৰী জিলা সমাৰোহখনিত অসংখ্য শিশু বিজ্ঞানীৰ সমাৱেশ৷ জিলাখনৰ প্ৰতিখন শিক্ষানুষ্ঠানে নিজাববীয়াকৈ প্ৰদৰ্শন কৰিছে বিজ্ঞান প্ৰদৰ্শনী৷ পুৱাই পতাকা উত্তোলন, শপত গ্ৰহণ, গছপুলি ৰোপণৰ পিচতে সমাৰোহ উদ্বোধনী অনুষ্ঠান ও জনপ্ৰিয় বক্তৃতা অনুষ্ঠানত সভাপতিত্ব কৰে নলবাৰী জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সভাপতি দীণমণি ভাগৱতীয়ে৷ সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি বিশিষ্ট বিজ্ঞানী তথা আই আই টি গুৱাহাটীৰ অধ্যাপক ড° অৰূপ কুমাৰ শৰ্মাই বিজ্ঞান বিষয়ৰ বিভিন্ন তত্বগধুৰ ভাষণ দি শিক্ষাৰ্থীসকলক আকৃষ্ট কৰে৷ উক্ত সভাতে ড° শৰ্মাই চন্দামিতা শৰ্মাৰ ‘জোনবাইৰ চোতালত মানুহ’ গ্ৰন্থখনি উন্মোচন কৰে৷ ইয়াৰোপৰি সভাখনত কেইবাজনো আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত Aide ET action আৰু B J V J ৰ সহযোগত বিজ্ঞানৰ প্ৰদৰ্শনী উদ্বোধন কৰে প্ৰতিবিম্ব লাইভৰ পৰিচালন সঞ্চালক তফিক উদ্দিন আহমেদে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।