জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাথলীৰ ভূমি উন্নয়ন কাৰ্য্যসূচীৰ শুভাৰম্ভ

 12/13/2022 - 18:24

 


জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনাথলী পকামুৰা পথাৰৰ ভূমি স্থায়ীভাৱে বাৰেচহৰীয়া ভাওনা কমিটিলৈ হস্তান্তৰৰ কাম আজি সম্পূৰ্ণ হোৱাৰ পিছতেই বাৰেচহৰীয়া ভাওনাথলীৰ ভূমি উন্নয়ণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰা হয়৷ মঙলবাৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বাৰেচহৰীয়া ভাওনা উদযাপনৰ বাবে চৰকাৰে স্থায়ীভাৱে পট্টাদাৰসকলৰ পৰা ক্ৰয় কৰা মুঠ ৫০ বিঘা মাটিৰ উন্নয়নৰ কাম নিজ হাতেৰে মাটি পেলাই শুভাৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মাটিৰ পট্টাদাৰসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ অহা মাৰ্চ মাহত অনুষ্ঠিত হ’বলগা ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাভাগ এইবেলি সৰ্বাংগসুন্দৰ কৰি তোলাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি চতিয়া সমষ্টিৰ বিধায়ক তথা বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকাই জানিব দিয়াৰ লগতে এইবেলি বাৰেচহৰীয়া ভাওনাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকো আমন্ত্ৰণ দিয়া হ’ব বুলিও জানিব দিয়ে বিধায়কগৰাকীয়ে৷ উল্লেখ্য যে প্ৰতি ৫ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা ভাৰতৰ একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান তথা পৰ্বত ভৈয়ামৰ জাতি জনগোষ্ঠীৰ ঐক্য-সম্প্ৰীতি আৰু সমন্বয়ৰ সেতুস্বৰূপ জামুগুৰিহাটৰ এই বাৰেচহৰীয়া ভাওনাই প্ৰতিতো জাতি-জনগোষ্ঠীৰ মাজত এক সমন্বয়ৰ ভেঁটি শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।