12/14/2022 - 12:50
in
জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ জয়সিদ্ধি চৌৰাং হাইস্কুল প্ৰাংগনত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ ষষ্ঠ সংখ্যক আৰু নদুৱাৰ আঞ্চলিক সমিতিৰ ৩৬ তম বাৰ্ষিক অধিবেশনৰ কালি অন্তিম দিনাৰ কাৰ্যসূচীত লোকে লোকাৰণ্য হৈ পৰে অধিবেশনস্থলী। পুৱা সংগঠনটোৰ পতাকা উত্তোলন আৰু স্বহীদ তৰ্পন কাৰ্যসূচীৰ পিছতে মূল সভা উদ্বোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীদ্ৰ নাটেই। নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি চংগল গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি বি,টি আৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে বৰ্তমান বি,টি আৰত প্ৰমোদ বড়োৰ নেতৃত্বতেই বৃহৎ উন্নয়ন হোৱা বুলি চৰকাৰ খনৰ গুণ-গান গায়৷ বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও বৰ্তমান চৰকাৰে জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত কৰা কাম-কাজ সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। বি,টি,আৰৰ প্ৰধান প্ৰমোদ বড়োয়ে বৰ্তমান ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো জনগোষ্ঠী বসতিপ্ৰধান অঞ্চল সমুহত কৰা উন্নয়নমূলক কাম-কাজ সমূহৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক ভূয়সী প্ৰশংসা কৰি কয় যে এই অঞ্চল সমূহত আৰু বহু উন্নয়ন কৰিবলগীয়া আছে আৰু সেইবোৰ পৰ্যায় ক্ৰমে কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। সভাত এবছুৰ কেন্দ্ৰীয় সভাপতি দিপেন বড়োয়ে জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰী সকলে ভালদৰে পঢ়া-শুনা কৰি নিজকে ভৱিষ্যত সু নাগৰিক হিচাবে গঢ়ি তুলি জাতিটোক উন্নতিৰ পথত আগুৱাই নিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে৷