12/14/2022 - 13:01
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে জামুগুৰিহাটৰ বাঁপুজী ভৱনত কালি তিনিখনকৈ চৰকাৰী আঁচনিৰ অধিনত বিভিন্ন সা-সামগ্ৰীৰ লগতে তথ্যপাতি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ বিদ্যাঞ্জলী আঁচনিৰ অধিনত নদুৱাৰ শিক্ষাখণ্ডৰ অধিনৰ শতাধিক বিদ্যালয়লৈ বিভিন্নজন ব্যক্তিয়ে দানসুত্ৰে আগবঢ়োৱা পাঁচ শতাধিক বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰী ষ্টিল আলমিৰা, ফেন, চাউণ্ড চিষ্টেম, টিভিকে ধৰি বিভিন্ন সামগ্ৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক প্ৰদান কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলা উপায়ুক্ত দেব কুমাৰ মিশ্ৰই৷ একেটা অনুষ্ঠানত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জাতিগত প্ৰমাণ পত্ৰৰো অতি সহজে তথা বিনামূলীয়াকৈ বিতৰণৰো ব্যৱস্থা কৰে জিলা প্ৰশাসনে৷ ইয়াৰোপৰি অঞ্চলটোৰ শতাধিক দিব্যাংগক হুইল চেয়াৰ, চচমাকে ধৰি বিভিন্ন সামগ্ৰী সমূহ বিতৰণ কৰি দিয়া ভাষন প্ৰসংগত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়-প্ৰাক্তন ছাত্ৰ আৰু শুভাকাংক্ষীসকলে বিদ্যালয় সমুহলৈ সাধ্যানুসৰি বিভিন্ন সামগ্ৰী প্ৰদান কৰি মহানতাৰ পৰিচয় দিয়াই নহয় সেই বিদ্যালয়ৰ অধিকাৰো সাব্যস্ত কৰে৷ ইয়াৰ লগে লগে বিদ্যালয়খনৰে এক সম্পৰ্ক গঢ়ি উঠে ব্যক্তি গৰাকীৰ৷ যিয়ে বিদ্যালয়খনৰ শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত সহায় হয়৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰয় কয়-চৰকাৰৰ এই তিনিখন আচঁনিৰ জৰিয়তে সৰ্বসাধাৰন ৰাইজ উপকৃত হ’ব৷ চৰকাৰী বিভিন্ন আঁচনিৰ লগত গঞাঁ ৰাইজ প্ৰত্যক্ষভাৱে জৰিত হোৱাৰ সুবিধা লাভ কৰিব৷ অনুষ্ঠানটি তদাৰক কৰে নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পিটাৰ চৌধুৰী প্ৰমুক্ষে কৰি নদুৱাৰ শিক্ষাখণ্ডৰ চি আৰ চি চি শিক্ষকসকলে৷