12/14/2022 - 19:34
in
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামুৰা পথাৰত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্ততি৷ ভাওনাথলিৰ ভূমি উন্নয়ণৰ কাম যোৱাকালি শোনিতপুৰ জিলা উপায়ুক্তই ধৰ্মীয় ৰীতি-নীতিৰে শুভাৰম্ভ কৰাৰ পিছত সম্প্ৰতি উদযাপন কমিটি খনৰ সকলোবোৰ উপ কমিটিয়ে নিজা নিজা দ্বায়িত্ব নিয়াৰিকৈ পালন কৰা পৰিলক্ষিত হৈছে৷ আজি দুপৰিয়া বাৰেচহৰীয়া ভাওনাৰ অস্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত উদযাপন কমিটিৰ মূখপাত্ৰ নিতুমনি বৰাই কয় যে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত অহা মাৰ্চত অনুষ্ঠিত হব বাৰেচহৰীয়া ভাওনা৷ দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত বাৰেচহৰীয়া ভাওনা অহা ৬, ৭, ৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত কৰা হ’ব বুলি আজি সংবাদ মেলযোগে সদৰি কৰি অহা ২৬ ডিচেম্বৰত বাৰেচহৰীয়া ভাওনা উদযাপন কমিটিৰ এখনি সাধাৰণ সভাও আহ্বান কৰা বিষয়ে জানিবলৈ দিয়ে৷ জামুগুৰিহাটস্থিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন কমিটিৰ অস্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদ মেল খনত উদযাপন কমিটিৰ সম্পাদক জয়ন্ত বৰা আৰু কাৰ্য্যালয় সম্পাদক প্ৰদীপ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববিয়াই অংশগ্ৰহণ কৰে৷