সৃষ্টি ফাউণ্ডেছনৰ উদ্যোগত চেঙাৰ জ্ঞান বিকাশ একাডেমিত চৰাই-চিৰিকটিৰ জীৱন ৰক্ষা সন্দৰ্ভত সজাগতা সভা

 12/14/2022 - 19:56
 
 
 
 
প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিৰ চৰাই চিৰিকটিৰ জীৱন ৰক্ষা বাবে সকলোৰে দায়িত্ব আছে। প্ৰকৃতৰ ভাৰসাম্য ৰক্ষা বাবে চৰাই চিৰিকটিৰো অৱদান অনস্বীকাৰ্য। আমাৰ চৌপাশে থকা চৰাই চিৰিকটিৰ জীৱনৰ কোনো যাতে হানি নহয় তাৰ ওপৰত লক্ষ্য কৰি বৰপেটাৰ চেঙাস্থিত জ্ঞান বিকাশ একাডেমিত অনুষ্ঠিত হয় এখনি সজাগতা সভা। সৃষ্টি ফাউণ্ডেছন উদ্যোগত আৰু ফেচবুক পেজ জীৱন ডায়েৰী সহযোগত অনুষ্ঠিত হোৱা এই সজাগতা সভাখনত বৰপেটা জিলা পল্ট্ৰি ফাৰ্মৰ লগতে চেঙা পশু চিকিৎসালয়ৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে। সজাগতা সভাখনত জীৱন ডায়েৰী ফেচবুক পেজৰ এডমিন নূৰ হুছেইনে আঘাত প্ৰাপ্ত তিনিটা চৰাইক উদ্ধাৰ কৰি আনি চিকিৎসাৰ ব্যৱস্থা কৰে। সজাগতা সভাখনত সৃষ্টি ফাউণ্ডেছন সভাপতি তথা জ্ঞান বিকাশ একাডেমি স্বত্বাধিকাৰী মবিন আলী, বৰপেটা জিলাৰ পল্ট্ৰি ফাৰ্মৰ মেনেজাৰ ড৽ খনিন্দ্ৰ বায়ন, ক্ষেত্ৰত সহায়ক ক্ৰমে মহিবৰ ৰহমান, প্ৰদীপ পাঠক, আক্ৰাম হুছেইন, চাইফুদ্দিন মোল্লা উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।