সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম চিৰকাললৈ বন্ধৰ দাবী: যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী

 06/17/2019 - 19:30

যোৰহাট: সােমবাৰে যােৰহাট জিলাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ কৰ্মীসকলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম চিৰকাললৈ বন্ধ কৰাৰ দাবীত যােৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এনএইচপিচিৰ দ্বাৰা নির্মিত ২০০০ মেগাৱট ক্ষমতাসম্পন্ন এই বৃহৎ নদীবান্ধ ক্ৰতিপূর্ণ নির্মাণশৈলীৰে এক অনুপযুক্ত স্থানত নির্মাণ কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এই বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে অসমত পূৰ্বেও প্ৰৱল আন্দোলনৰ ফলত কাম-কাজ বন্ধ হৈ আছিল যদিও শেহতীয়াকৈ চৰকাৰে বিষয়টো মীমাংসা নকৰাকৈয়ে বান্ধটোৰ অবৈধ নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰতিবাদত বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ কৰ্মীসকলে।

এই অৱস্থান ধর্মঘট কাৰ্যসূচীৰ যােগেদি বৃহৎ নদীবান্ধটো অসমবাসীৰ স্বাৰ্থত বন্ধ কৰি দিবলৈ মাননীয় মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ যোগেদি স্মাৰক পত্র প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে। প্ৰায় দুই শতাধিক ৰাইজে অংশগ্রহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।