12/16/2022 - 12:57
in
বৰপেটাঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলাৰ প্ৰাক্তন নেতা, সমাজ সংগঠক, অভিনেতা কেশৱ কলিতাৰ মৃত্যুৰ এমাহ উপলক্ষে "এটি উদাত্ত কণ্ঠ, এটি শ্ল’গান, এটি সত্তা" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়৷ বৰপেটা চহৰৰ বিলৰতাৰীহাটীস্থিত প্ৰয়াত প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ বাসগৃহ প্ৰাংগনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ পূৰ্বে প্ৰয়াত কেশৱ কলিতাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন আৰু স্মৃতি তৰ্পণ কৰা হয়৷ প্ৰতিচ্ছৱিত মাল্যাৰ্পন কৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বাবুল চন্দ্ৰ দাসে৷ স্মৃতি তৰ্পণ কৰে কৰ্মচাৰী পৰিষদৰ সম্পাদক উৎপল দাসে৷
ইয়াৰ পিছতে প্ৰয়াত প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ বিষয়ে ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বাবুল চন্দ্ৰ দাস, অসম জাতীয় মহাসভাৰ প্ৰধান সম্পাদক হৰেকৃষ্ণ তালুকদাৰ, কৰ্মচাৰী পৰিষদৰ সম্পাদক উৎপল দাস, জ্যেষ্ঠ সাংবাদিক কমলেশ বৈশ্যৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে৷ প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ স্মৃতিত উলিওৱা "এটি উদাত্ত কণ্ঠ, এটি শ্লোগান, এটি সত্তা" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বৰপেটা টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰয়াত কেশৱ কলিতাৰ শিক্ষাগুৰু ৰমিজউদ্দিন আহমেদে৷ গ্ৰন্থখন উন্মোচন কৰি যথেষ্ট আবেগিক হৈ পৰে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে৷ সাংবাদিক দিগন্ত কলিতাই আঁত ধৰা এই অনুষ্ঠানত কেইবা গৰাকী বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় একাংশ লোক উপস্থিত থাকে৷