12/16/2022 - 15:01
in
মাৰ্ঘেৰিটাঃ বিভিন্ন-জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ সকলো ভাষা-ভাষী ৰাইজক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা তিনিচুকীয়া জিলাৰ লিডু শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভ কৰা হৈছে। আজি প্ৰথম কাৰ্যসূচী অনুসৰি অসম সাহিত্য সভাৰ ৫৫ খন পতাকা উত্তোলন কৰা হয় যত মুখ্য উত্তোলক ৰূপে অংশগ্ৰহণ কৰে লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী ড° দিপালী বৰপুজাৰী। পৰৱৰ্তী কাৰ্যসূচী হিচাপে কাৰ্যকৰী সভাপতি সুখদেব শৰ্মা ৫৫ গছি বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছত লিডু শাখা সাহিত্য সভাৰ প্ৰয়াত ১২ জন সভাপতি উপ-সভাপতি তথা সম্পাদকসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সাহিত্য সভাৰ অন্যতম কাৰ্যসুচী কুঁহি। সেই কাৰ্যসূচী হিচাপে সংগীত শিক্ষয়িত্ৰী ববিতা দাসৰ চৌধুৰী আৰু মিতালী ৰয়ৰ নেতৃত্বত সৰু সৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখনি গীতৰ অনুষ্ঠান আৰু যোগা শিক্ষয়িত্ৰী পিয়ালী দাসৰ নেতৃত্বত যোগাৰ আয়োজন কৰা হয়।