উৰিয়ামঘাটৰ জয়ন্তীপুৰত ৪০ সংখ্যক গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন

 12/16/2022 - 18:46
 
 
 
সৰুপথাৰঃ সৰুপথাৰৰ অসম-নগালেণ্ডৰ সীমামূৰীয়া উৰিয়ামঘাটৰ জয়ন্তীপুৰত ৪০সংখ্যক গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন। আজি বাৰ্ষিক অধিৱেশনখিৰ লাইখুঁটা স্থাপন কৰে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনে। অহা ১০,১১ আৰু ১২ জানুৱাৰীত উৰিয়ামঘাটৰ জয়ন্তীপুৰ ৰাজহুৱা খেলপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন।তাৰোপৰি বিধায়ক গৰাকীয়ে সীমামূৰীয়া অঞ্চলটোৰ জয়ন্তীপুৰ সমূহীয়া ভৱনৰ লগতে কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে। অনুষ্ঠানটিত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গয়াৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি নিলেশ্বৰ ব্ৰক্ষ্মকে ধৰি শতাধিক স্থানীয় ৰাইজ উপস্থিত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।