বৃহত্তৰ কামপুৰ ভোগালী উৎসৱ উদযাপনৰ লাইখুঁটা স্থাপন

 12/22/2022 - 14:12
 
 
 
 
কামপুৰঃ বৃহত্তৰ কামপুৰ ভোগালী উৎসৱ উদযাপনৰ লাইখুটা স্থাপন কৰা হয়। কামপুৰৰ মাধৱ কন্দলী ক্ষেত্ৰত অহা ১৪ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ পাঁচদিনীয়াকৈ দ্বিতীয়বৰ্ষৰ বাবে অনুষ্ঠিত হ’ব ভোগালী উৎসৱটি। আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে সত্ৰাধিকাৰ তথা সমাজকৰ্মী ঘন মহন্তুই। অনুষ্ঠানটোত কামপুৰ পৌৰসভাৰ সদস্য সকলৰ লগতে কামপুৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ভোগালী বিহু উদযাপন সমিতিৰ সম্পাদক বাবুল বৰা আৰু অনান্য সদস্যসকল উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।