যোগীঘোপাৰ হকদোবাত চৰকাৰী ভূমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

 06/17/2019 - 19:50

যোগীঘোপা: বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীঘোপাৰ হকদোবাত চৰকাৰী ভূমিত আজি জিলা প্ৰশাসনে উচ্ছেদ চলায়। স্বাধীনতাৰ পূৰ্বৰে পৰা গো-চৰণীয়া পথাৰৰ নামত সংৰক্ষিত হৈ থকা মুঠ ১০৮ বিঘা চৰকাৰী ভূমিত অবাধ বেদখলৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই উচ্ছেদ অভিযান গ্ৰহণ কৰে। জিলা তথা মহকুমা প্ৰশাসনে বিশাল আৰক্ষী বাহিনী লৈ বেদখল চলোৱা এলেকাত উচ্ছেদ চলায়।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত প্ৰায় ১৫৩ টা পৰিয়ালে বিগত প্ৰায় ২৩ বছৰ ধৰি গো-চৰণীয়া পথাৰৰ প্ৰায় ৪০ বিঘা ভূমিত বসতি কৰি আহিছিল। সংৰক্ষিত চৰকাৰী এই ভূমি বছৰ বছৰ ধৰি বেদখল হৈ থকা সন্দৰ্ভত বিভিন্ন পক্ষই চৰকাৰ তথা প্ৰশাসনক অভিযোগ দাখিল কৰাৰ পিচত আজি উক্ত এলেকাত প্ৰশাসনে উচ্ছেদ অভিযান চলায়। ইপিনে নিজৰ গাঠিৰ ধন গোটাই ঘৰ সাজি দীৰ্ঘদিন ধৰি বসবাস কৰি অহা পৰিয়ালকেইটাক আজি হঠাৎ প্ৰশাসনে উচ্ছেদ কৰাত পৰিয়াল সমূহৰ মাজত চৰম হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰশাসনৰ এই অভিযানৰ পিচতে তাত দীৰ্ঘদিন বসবাস কৰি অহা লোকসকলৰ মাজত কান্দোনৰ ৰোল উঠে। কষ্ট উপাৰ্জিত ধনেৰে নিজ হাতে সজা ঘৰসমূহ এটাৰ পিচত এটাকৈ প্ৰশাসনে ভাঙি দিয়াত হুৱা দুৱা লাগে পৰিয়ালসমূহৰ মাজত। উচ্ছেদিত পৰিয়ালসমূহ এতিয়া ক'ত যাব, ক'ত থাকিব তাকলৈ যথেষ্ট দুচিন্তাত ভোগা পৰিলক্ষিত হৈছে।

ইপিনে উচ্ছেদিত ভূমিত বন বিভাগে এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।