জামুগুৰিহাটৰ ধোবিখোলাত বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰ

 12/22/2022 - 15:26
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ধোবিখোলা এম ভি স্কুলত আজি পুৱাৰে পৰা আৰোগ্য হেলথ মিছনৰ উদ্যোগত ই,আৰ,চি,আই হাস্পতালৰ সৌজন্যত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন আৰু নদুৱাৰ প্ৰেছ ক্লাৱৰ সহযোগত বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। উক্ত চকু পৰীক্ষা শিবিৰটোৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই।
 
উদ্বোধক গৰাকীয়ে ভাষন প্ৰসংগত কয় যে- বৃহত্তৰ জামুগুৰিহাটৰ উত্তৰৰ পিছ পৰা অঞ্চলটিত ই,আৰ,চি, আই হাস্পতালৰ সৌজন্যত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন আৰু নদুৱাৰ প্ৰেছ ক্লাৱৰ সহযোগত বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰটিৰ আয়োজন কৰি দৰিদ্ৰ লোকসকলৰ প্ৰাথমিক চকু পৰীক্ষাৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা কাৰ্য্য অতি প্ৰশংসনীয়।
 
চকু হাস্পতালখনৰ এনে মহান পদক্ষেপৰ জৰিয়তে উত্তৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ লোকসকল উপকৃত হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে। অনুষ্ঠানটিত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনিল বৰা, আৰোগ্য হেলথ মিছনৰ স্বতাধিকাৰ প্ৰণৱ জ্যোতি বৰা, নদুৱাৰ প্ৰেছ ক্লাৱৰ সদস্য চন্দন শৰ্মা আৰু প্ৰেম তিৱাৰীৰ লগতে বহুকেইজন গন্যমান্য ব্যক্তি অংশগ্ৰহণ কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।