নলবাৰী জিলাত এইড এট একচনৰ উদ্যোগত গণিত দিৱস উদযাপন

 12/22/2022 - 17:31
 
 
বাহাৰঘাটঃ শ্ৰীনিবাস ৰামানুজনৰ জন্মদিনটো আজি সমগ্ৰ ৰাষ্ট্ৰতে গণিত দিৱস হিচাবে উদযাপন কৰাৰ লগতে আজি নলবাৰী জিলাৰ চতমা ধৰনীধৰ বিদ্যাপীঠ আৰু আৰাঙ্গমৌ মজলীয়া বিদ্যালয়টো এইড এট এক্সনৰ উদ্যোগত গণিত দিৱস উদযাপন কৰে৷ তদুপলক্ষে চতমা ধৰনীধৰ বিদ্যাপীঠত গণিত মেলা উদ্বোধন কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন বৰুৱাই, সহযোগ কৰে ধৰনীধৰ বিদ্যাপীঠৰ প্ৰধান শিক্ষক গিৰীশ বৰুৱাই৷ অনুষ্ঠানত অঞ্চলটোৰ কেইবাখনো মাধ্যমিক,উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ শহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গণিতৰ বিভিন্ন কৌশল আৰু যাদু প্ৰদৰ্শন কৰে৷ অনুষ্ঠানটিত এইড এট এক্সনৰ গণিত বিশেষজ্ঞ দীনেশ লাহতি,যোগাযোগ সহযোগী দৃষ্টি দুৱৰা,জিলা সমন্বয়ক খনীন্দ্ৰ কলিতা,শিক্ষা সহায়ক প্ৰানজিত দাস,নিত্য চৌধুৰী,প্ৰিয়ংকা চৌধুৰী আৰু পৰশজ্যোতি বৰ্মনে সহযোগ কৰে৷ আনহাতে আৰাঙ্গমৌ মজলীয়া বিদ্যালয়ত গণিত মেলা উদ্বোধন কৰে বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক মহানন্দ পাঠকে৷ আৰাঙ্গমৌ মজলীয়া বিদ্যালয়ৰ প্ৰধানশিক্ষক ৰবীন পাটোৱাৰীয়ে সহযোগ কৰা উক্ত গণিত মেলাত অঞ্চলটোৰ বহুতো ছাত্ৰছাত্ৰীয়ে গণিতৰ যাদু আৰু কাৰুকাৰ্য প্ৰদৰ্শন কৰে৷ অতিপাত আকৰ্ষনীয় উক্ত অনুষ্ঠানত অঞ্চলটোৰ শহস্ৰাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷অনুষ্ঠানটি কাৰ্য্যকৰি কৰাত এন জি অ টোৰ শিক্ষা সহায়ক আৰু শিক্ষানুষ্ঠান সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলে সহযোগ কৰে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।