12/23/2022 - 15:54
in
কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি জলজীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যে আজি ৰঙিয়াত এশ গৰাকী প্ৰাৰ্থীক নিয়োগ পত্ৰ বিতৰণ কৰা হয়।
ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত জনস্বাস্থ্য কাৰিকাৰী বিভাগ, ৰঙিয়া সংমণ্ডলৰ উদ্যোগত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জল জীৱন মিছন আঁচনিখন সফলভাবে দ্ৰুতগতিত ৰূপায়ন কৰি তোলাৰ লক্ষ্যৰে জলমিত্ৰক আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰা হয়।
উক্ত কাৰ্যসূচীত স্থানীয় বিধায়ক তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা উপস্থিত থাকি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰে।
ভাষণ প্ৰসংগত নিয়োগ পত্ৰ গ্ৰহণ কৰা জলমিত্ৰ সকলক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাই কলিতাই। উক্ত কাৰ্যসূচীত উত্তৰ কামৰূপ জিলা বিজেপি সভাপতি সুৱল পাল,পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতাৰ লগতে কেবাগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে।