12/23/2022 - 17:42
in
যোৱা সোমবাৰে নগাঁও জিলা প্ৰশাসনে চলাইছে এক বৃহৎ উচ্ছেদ অভিযান। যি উচ্ছেদ অভিযানত বটদ্ৰৱাৰ চাৰিটাকৈ স্থানত মুঠ ৯৮৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল।
এই বৃহৎ উচ্ছেদ অভিযানত বটদ্ৰৱাৰ হাইডুবি কৃষি বীজফাৰ্ম, ভোমোৰাগুৰি লালুংগাঁও, জামাই বস্তি আৰু বৰসিঁচাৰ উচ্ছেদিত আশ্ৰয়সীন লোক সকলৰ কাষত উপস্থিত হৈ এই গৃহহীন লোক সকলৰ মাজত খাদ্য-সামগ্রীৰ টোপোলা লগতে কাপোৰ বিতৰণ কৰে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
লগতে উক্ত স্থানত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে ৰিপুন বৰাই। উক্ত উচ্ছেদিত স্থানসমূহ পৰিদৰ্শন কৰাত দলটোক সহযোগ কৰে নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰ,নগাঁও জিলাৰ সম্পাদক অধিবক্তা নজৰুল ইছলাম আৰু বটদ্ৰৱা ব্লক তৃণমূল কংগ্ৰেছৰ সভাপতি মিজান উদ্দীন লস্কৰৰ লগতে দলটোৰ নেতা কৰ্মীসকলে।