দক্ষতা প্ৰশিক্ষণৰ যােগেদি নিবনুৱাক কৰ্ম সংস্থাপনৰ প্ৰচেষ্টা এএচডিএমৰ

 06/17/2019 - 20:07

গুৱাহাটীঃ অসম দক্ষতা বিকাশ অভিযানে ২০১৭ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমৰ সকলো দক্ষতা উদ্যােগৰ শীৰ্ষ সংগঠক হিচাপে কাম আৰম্ভ কৰি আহিছে। আজি অসম সচিবালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা ব্যক্ত কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পাটোৱাৰীয়ে উল্লেখ কৰা মতে এএচডিএমৰ লক্ষ্য হ’ল উৎকৃষ্ট মানৰ দক্ষতা প্ৰশিক্ষণৰ যােগেদি যুৱক-যুৱতীক কৰ্ম সংস্থাপিত কৰা। দক্ষতা বিকাশৰ লগত সংগতি ৰাখি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ৭৭ কােটি টকা আৰু অসম চৰকাৰে ৩৬ কােটি টকা সৰ্বমুঠ ১১৩ কােটি টকা দক্ষতা প্ৰশিক্ষণৰ বাবে আৱণ্টন দিয়ে। দক্ষতা প্ৰশিক্ষণৰ অন্তত তেওঁলােকৰ মূল্যাংকন আৰু প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা আছে আৰু এই প্ৰমাণ পত্ৰ ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

প্ৰমাণ পত্ৰ প্ৰদানৰ অন্তত প্ৰশিক্ষণ কেন্দ্ৰই প্ৰশিক্ষাৰ্থীগৰাকীক কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে। এই আঁচনিৰদ্বাৰা বহু সংখ্যক নিৱনুৱা হ্ৰাস হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।