সাংবাদিক তপন কুমাৰ শইকীয়াৰ জ্যেষ্ঠ ভাতৃ দেৱজিৎ শইকীয়াৰ দেহাৱসান

 12/23/2022 - 20:15

 


ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত নাদুৱা গ্ৰাণ্ট গাঁৱৰ সমাজকৰ্মী দেৱজিৎ শইকীয়াৰ বৃহস্পতিবাৰে পুৱতি নিশা নিজা বাসগৃহতে মৃত্যু হয়। জানিব পৰা মতে উচ্চ, ৰক্তচাপত মৃত্যুক সাৱটি লয় দেৱজিৎ শইকীয়াই। জীতেন শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ দেৱজিৎ শইকীয়াই ১৯৯৬ চনত মৰাণৰ তিলৈ উন্নয়ন খণ্ডত কৰ্মজীৱন পাতনি মেলি বৰ্তমান পানীতোলা উন্নয়ন খণ্ডৰ এজন চৰকাৰী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল।

সমাজৰ বিভিন্ন কাম-কাজৰ সৈতে জড়িত দেৱজিৎ শইকীয়া মৃত্যুৰ সময়ত বয়স আছিল ৫৪ বছৰ। সাংবাদিক তপন কুমাৰ শইকীয়াৰ বৰদেউতাকৰ পুত্ৰ আছিল দেৱজিৎ শইকীয়া।

মৃত্যু খবৰ বিয়পি পৰা লগে লগে শোকত ভাগি পৰে আত্মীয় স্বজনৰ লগতে স্থানীয় ৰাইজ। দেৱজিৎ শইকীয়াই ইহসংসাৰত পিতৃ, মাতৃ, পত্নী, ভগ্নী, ভাতৃ, পুত্ৰ, কন্যাসহ আত্মীয়-স্বজনক এৰি থৈ যায়।

তেখেতৰ মৃত্যুত পানীতোলা উন্নয়ন খণ্ড, হাতী গাধৈ-নাদুৱা যুৱ সমাজ, ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক ৰাতুল গগৈ আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।