ৰাষ্ট্ৰীয় পৰ্য্যায়ত বৰভাগ সংগীত মহাবিদ্যালয়ৰ সাফল্য

 12/24/2022 - 17:01
 
 
বাহাৰঘাটঃ নলবাৰী জিলাৰ বানে গৰকা বৰভাগৰ কালাগ হাটখোলাত অৱস্থিত বৰভাগ সংগীত মহাবিদ্যালয় বৰ্তমান ৰাজ্যতে নহয় ৰাষ্ট্ৰীয় পৰ্য্যায়টো সাফল্য অৰ্জন কৰি বৰভাগলৈ সুনাম কঢ়িয়াই আনিছে৷ ১৯৯২ চনত প্ৰতিষ্ঠা লাভ কৰা উক্ত সংগীত মহাবিদ্যালয়ৰ পৰা বৰ্তমানলৈ দুই হেজাৰোধিক সংগীতৰ স্নাতক পৰীক্ষা উত্তীৰ্ণ হৈছে৷ বহুতো ঘাট প্ৰতিঘাতৰ মাজৰে তিনিটা দশক অতিক্ৰম কৰা সংগীত মহাবিদ্যালয়ৰ পৰা নেহা হক নামৰ এজনী শিক্ষাৰ্থীয়ে লোক নৃত্যত ৰাষ্ট্ৰীয় পৰ্য্যয়ত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি এইবেলি সংগীত মহাবিদ্যালয় খনক ৰাইটাৰ ফ’ৰামে ২০২২ চনৰ বৰ্ষশ্ৰেষ্ঠ সংগীত মহাবিদ্যালয় হিচাবে ঘোষণা কৰিছে৷ সংগীত মহাবিদ্যালয় খনৰ অধ্যক্ষ জগদীশ কাকতিয়ে জনোৱা মতে উক্ত মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক স্কলাৰশ্বিব দিয়াৰ ব্যৱস্থা কৰিছে৷এইবেলিও অহা সোতৰ জানুৱাৰীত শিল্পী দিৱসৰ দিনা ৫৫ গৰাকী শিক্ষাৰ্থীক উক্ত স্কলাৰশ্বিব প্ৰদান কৰিব৷মনকৰিবলগীয়া যে বৰভাগৰ বুকুত জন্ম হোৱা উক্ত সংগীত মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা একাংশ লোকে যথেষ্ট অৰিহণা যোগাই আহিছে৷কন্ঠসংগীত,তৱলা,সত্ৰীয়া নৃত্য,লোকনৃত্য,আধুনিক নৃত্য আদি বিষয়ত প্ৰশিক্ষণ দিয়া উক্ত সংগীত মহাবিদ্যালয় খনত অধ্যক্ষকে ধৰি মুঠ সাত গৰাকী প্ৰশিক্ষক কৰ্মৰত হৈ আছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।