জামুগুৰিহাটৰ উত্তৰ ছিলাবন্ধা গাঁওপঞ্চায়ত এলেকাত প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ অনুষ্ঠান সম্পন্ন

 12/26/2022 - 11:41
 
 
 
 
 
জামুগুৰিহাটঃ চতিয়াসমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰছিলাবন্ধা গাঁওপঞ্চায়তৰ ৯৪ আৰু ৯৫ নং বুথ কমিতি দুখনত দেওবাৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰীৰ ১০০ সংখ্যক ২০২২ বৰ্ষৰ অন্তিম মন কি বাত অনুষ্ঠান৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মুখ্য অতিথিৰ আসন অলংকৃত কৰা অনুষ্ঠানটিৰ আঁত ধৰে উত্তৰ ছিলাবন্ধা গাঁওপঞ্চায়তৰ সভাপতি জয়ন্ত বৰাই৷ উক্ত অনুষ্ঠানত বিহালী নিবাসী সাংস্কৃতিক কৰ্মী তথা গোৰ্খা জনগোষ্ঠীয় কলা সংস্কৃতিৰ সাধক বিনোদ খনালক বিধায়ক পদ্ম হাজৰিকাই ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি সমষ্টিটোৰ গোৰ্খা ৰাইজক গোৰ্খা কলা সংস্কৃতিৰ প্ৰশিক্ষণ প্ৰদান কৰি আগুৱাই নিবলৈ আহ্বান জনায়৷ বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নীতি আদৰ্শক সৰোগত কৰিয়ে আমাৰ বিজেপি দলটো আগুৱাই গৈ আছো৷ অনুষ্ঠানটিত সম্বৰ্ধিত সাংস্কৃতিক কৰ্মী বিনোদ খনালে বক্তব্য প্ৰদান কৰি বিধায়ক পদ্ম হাজৰিকাৰ কৰ্মৰাজিত ভূয়সী প্ৰসংশা কৰে৷ইয়াৰ পিছতে বিধায়ক গৰাকী চামধৰা পানীগাঁৱত ৯৫নং বুথ কমিটিৰ সহ সম্পাদক ওচমান আলিৰ দ্বাৰা আয়োজিত আন এক মনকী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটিৰ আঁত ধৰে বুথ কমিতি খনৰ সভাপতি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নোমল শইকীয়াই৷অনুস্হানটিত বিধায়ক গৰাকীয়ে ৰাইজক সাম্প্ৰদায়িক উচতনিমূলক বক্তব্যত ভোল নাযাবলৈ আহবান জনাই চৰকাৰ সকলোবোৰ উন্নয়নমূলক আচনিৰ অংশীদাৰ হবলৈ আহ্বান জনায়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।