12/26/2022 - 12:19
in
জামুগুৰিহাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নদুৱাৰ আঞ্চলিক আটছাৰ সৌজন্যত ইটাখোলাৰ বিহু মেলা পথাৰৰ পৰা এক বিশাল বাইক ৰেলি উলিওৱা হয়। মদ, ভাং, ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ অপকাৰিতাৰ প্ৰতি জনসাধাৰণক সজাগ সচেতন হ’বলৈ আহ্বান জনোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই দেওবাৰে সংগঠনটোৱে এই গঠনমূলক কাৰ্যসূচীৰ হাতত লয়। সমগ্ৰ নদুৱাৰ অঞ্চলক সামৰি ইটাখোলাৰ পৰা আৰম্ভ কৰি কুসুমটোলা, জামুগুৰি, ধলাইবিল, ৰঙাচকুৱা, বালিজুৰি আদি অঞ্চল পৰিভ্ৰমণ কৰি পুনৰ ইটাখোলাৰ বিহু মেলা পথাৰত একগোট হয়। উল্লেখ্য যে সংগঠনটোৰ আগন্তুক গোলাঘাট জিলাত অনুষ্ঠিত হ’বলগা ৰজত জয়ন্তী উপলক্ষে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্য ইটাখোলাতো এই অভিযান হাতত লোৱা হয়। ৰেলিৰ পূৰ্বে আটছাৰ কেইবা গৰাকী বিষয়ববীয়া কাৰ্যসূচীৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষ্মীকান্ত বৰাৰ লগতে নদুৱাৰৰ আটছাৰ সভাপতি ৰাধেশ্যাম তাতি, কেন্দ্ৰীয় সদস্য মিন্টু ভুমিজ, আটছা নেতা অভিনাশ ৰাজোৱাৰ, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক অনিল বৰাসহ অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছিল।