12/27/2022 - 14:51
in
অসমত প্ৰথমবাৰৰ বাবে ৰে’লৰ ডবাত এখন ৰেষ্টুৰেন্ট নিৰ্মাণ কৰি থকা হৈছে। ৰঙিয়াত আৰম্ভ হ’বলৈ গৈ আছে এই ব্যতিক্ৰমী ৰেষ্টুৰেন্ট। এই ডবাটোত ৰং-তুলিকাৰে অংকন কৰি থকাত ব্যস্ত কেইজনমান যুৱ চিত্ৰশিল্পী।
ডবাটোৰ বহিৰ্ভাগত মাজুলীৰ মুখা শিল্প আৰু গামোচা-জাপি অংকন কৰি অসমীয়া সংস্কৃতিৰ এক চানেকি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে। এই ৰেষ্টুৰেন্টখনত গ্ৰাহকক থলুৱা খাদ্যৰ জুতিৰ লগতে ৰেলত ভ্ৰমণ কৰাৰ দৰে এক অনুভৱ দিয়াৰ প্ৰয়াস কৰা হব বুলি স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে। ৰঙিয়া ৰে’ল সংমণ্ডলৰ অন্তৰ্গত ইক' পাৰ্কৰ সন্মুখত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে এইখন ৰে’লৰ ডবাৰ ৰেষ্টুৰেন্টখন।