পূব ঢকুৱাখনাত ভাৰতীয় জনতা দলত যোগদান কংগ্ৰেছ গণশক্তি দলৰ দুই শতাধিক লোক

 12/27/2022 - 18:22
 
 
 
ঢকুৱাখনাঃ ঢকুৱাখনাত বিৰোধী দলৰ খহনীয়া। পূব ঢকুৱাখনাত ভাৰতীয় জনতা দলত যোগদান কংগ্ৰেছ গণশক্তি দলৰ দুই শতাধিক লোক। আগন্তুক পঞ্চায়ত, মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিৰোধী দলত আৰম্ভ তীব্ৰ খহনীয়া। কাৰণ আজি বিৰোধী দলত মোক্ষম আঘাত কৰি পূব ঢকুৱাখনাত ভাৰতীয় জনতা দলৰ নীতি আদৰ্শৰ তথা বিধায়ক নৱকুমাৰ দলেৰ বিকাশ তথা কৰ্ম দক্ষতাৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰে কংগ্ৰেছ গণশক্তি দলৰ দুই শতাধিক লোক। আজি বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত মণ্ডল সমিতিৰ উদ্যোগত আয়োজিত যোগদান কাৰ্যসূচী সম্পন্ন হয়। ঢকুৱাখনাত অব্যাহত থকা যোগদান কাৰ্যসূচীয়ে নিশ্চিত ভাৱে সমাগত নিৰ্বাচনত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি গণ্য কৰিব পাৰি। আজি যোগদান কাৰ্যসূচীত জিলাৰ সভাপতি প্ৰদীপ চমুৱা, মণ্ডল সভাপতি সুনীল দলে,জিলাৰ সম্পাদক বিজয় কুমাৰ দলে,যু্ৱ মৰ্চাৰ সভাপতি বিকুদৰ দাস,সাধাৰণ সম্পাদক মিগম পেগুৰ লগতে বহুসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।