12/27/2022 - 18:49
in
বাহাৰঘাটঃ কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিৰ অধীনস্থ ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বাৰাংহাটী গাঁও পঞ্চায়ত চৌহদত আজি এটি পঞ্চায়ত ভৱন নিৰ্মাণৰ শুভাৰম্ভণি কৰে৷ ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান ২০১৯-২০ বিত্তীয় বৰ্ষৰ দ্বাৰা আৱল্টিত বিশ লাখ টকা ব্যয় সাপক্ষে নিৰ্মাণ কৰিবলগীয়া ভৱনটোৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, ৰঙিয়া খণ্ড উন্নয়ন বিষয়া জয়ন্ত কুমাৰ কলিতা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস, বাৰাংহাটী গাঁও পঞ্চায়তৰ সভানেত্ৰী শেৱালি কলিতা, আঞ্চলিক সদস্যা ৰূমা মজুমদাৰে৷ ভৱনৰ শুভাৰম্ভণিৰ পিচতে পঞ্চায়ত সভানেত্ৰী শেৱালি কলিতাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস, বাৰাংহাটী গাঁৱৰ গাঁও প্ৰধান পংকজ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক অমূল্য কলিতা, যুৱ সমাজকৰ্মী হিতেশ্বৰ কলিতা,বাৰাংহাটী মাধৱ মন্দিৰ নিৰ্মাণ সমিতিৰ সম্পাদক বিশু ডেকা আদি কৰি কেইবাজনো লোকে অসম চৰকাৰৰ কাম-কাজক প্ৰশংসা কৰে৷ উল্লেখ্য যে উক্ত সভাতে সুদৰ্শন ক্লাৱ, বাৰাংহাটীৰ তৰফৰ পৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, বাৰাংহাটী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক সদস্যাক ফুলাম গামোছাৰে আদৰণি জনাই৷