12/28/2022 - 11:47
in
ধেমাজিঃ বিট্ৰিছ চাহাবে ঘোঁৰাৰ পিঠিত উঠি ফুৰিবলৈ আঁহোতে দলনিত লাগি ধৰিছিল ঘোঁৰা। তেতিয়াই চাহাবৰ মুখত ফুটি উঠিছিল বৰদলনি। যাৰ নাম অৱশেষত বৰদলনি নামে জনাজাত হয়। এই বৰদলনিতে ১৯৪৬ চনত স্থাপন কৰিছিল ধেমাজিত প্ৰথমখন হাইস্কুল বৰদলনি। এইখন বিদ্যালয়ে বৰ্তমান ভৰি দিছে ৭৫ বছৰ। এই উপলক্ষে আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান। দেশৰ বিভিন্ন প্ৰান্তত এইখন বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি বিভিন্ন কামত নাগৰিক হিচাপে কৰ্মৰত লোকক ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উদযাপনত অংশগ্ৰহণ কামনা কৰিছে।