12/28/2022 - 12:07
in
ৰহাৰ বিভিন্ন এলেকাত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত৷ ভাঙি পেলাইছে বহুলোকৰ বাসগৃহ লগতে কৃষি ভূমি। হাতীৰ ভয়ত বিদ্যালয়ত আশ্ৰয় লৈছে বহুলোকে। ৰহাৰ দক্ষিন পেটবড়া ;তপত কৰাই; মানুহপোত বিল; আদৰ্শগাঁও আদি এলেকাত বন্যহস্তীয়ে বিগত দহদিন সন্ত্ৰাস চলাইছে বন্যহস্তীৰ জাকটোৱে। মানুহপোতা বিল প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লোৱা লোকৰ টৰ্চলাইত বিতৰণ অসম জাতীয় পৰিষদৰ অনুসূচীত জাতিৰ সাধাৰণ সম্পাদক উৎপল বনিয়াৰ। উৎপল বনীয়াই বন্যহস্তীয়ে বিধ্বস্ত কৰা লোক সকলক খাদ্য-সামগ্ৰীকে ধৰি অনান্য সুবিধা প্ৰদানৰ দাবী জনায় চৰকাৰক৷ হাতীখেদাত বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ কৰে উৎপল বনীয়াই৷