চাংসাৰিত দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা

 12/28/2022 - 14:36
 
 
চাংসাৰিঃ চাংসাৰিস্থিত বি জি ক্লাৱৰ দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাত উপস্থিত ৰাজ্যিক বিজেপি কিষাণ মৰ্চাৰ উপ সভাপতি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সহায়ক ৰঞ্জিৎ ভট্টাচাৰ্য লগতে প্ৰাণজিৎ ডেকা। একাদশ বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট খেলত অংশ লৈ এই খেলে যুৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মত পোষণ কৰে ৰঞ্জিৎ ভট্টাচাৰ্যই।খেলত অংশ লৈ প্ৰথম ৰাউণ্ডত বিজয় সাব্যস্ত কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী নেতৃত্বাধীন চৌধুৰী বয়চে। উল্লেখ্য যে চাংসাৰি ঈদ্গাহ ময়দানৰ উক্ত খেলৰ অন্তত শুকুৰবাৰে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী চিমু চৌধুৰী,নাহিদ আফ্ৰিন,আচুৰ্য বৰপাত্ৰই।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.