12/29/2022 - 20:11
in
জামুগুৰিহাটঃ অসম বিধান সভাৰ পাব্লিক একাউন্ট কমিটিৰ ৯ জনীয়া পৰ্যবেক্ষকৰ দলে আজি চতিয়া সমষ্টিৰ অন্তৰ্গত চতিয়া উন্নয়ণ খণ্ডৰ কেইবাটাও চৰকাৰী আঁচনিৰ নিৰ্মাণ কাৰ্যৰ কাম-কাজৰ বুজ লয়৷ অসম বিধান সভাৰ পাব্লিক একাউন্ট কমিটিৰ অধ্যক্ষ ৱাজেদ আলি চৌধুৰীৰ নেতৃত্বত অহা দলটিয়ে সমষ্টিটোৰ চতিয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত দিকৰাইগুৰি গাঁৱত অমৃত সৰোবৰ আঁচনিৰ অধিনত খন্দোৱা পুখুৰীৰ কাম-কাজ পৰ্যবেক্ষণ কৰাৰ লগতে উন্নয়ণ খণ্ডটোৰ অধিনস্থ কেবাটাও গাঁও পঞ্চায়তত অমৃতসৰোবৰ আঁচনিৰ পুখুৰীৰ খন্দোৱাৰ ব্যৱস্থা প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে৷ আঁচনিখনৰ অধিনত খন্দোৱাৰ পুখুৰীত চৰকাৰী ধনৰ উচিত ব্যৱহাৰ হোৱা বুলি মন্তব্য কৰি কমিটিখনৰ অধ্যক্ষ ৱাজেদ আলি চৌধুৰীয়ে এতিয়া মীন পালনৰ জৰিয়তে অঞ্চলটোৰ নিবনুৱা যুৱকসকলে আত্মসংস্থাপনৰ বাট মোকলাই তুলিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে৷ ইয়াৰ পূৰ্ৱে অসম বিধান সভাৰ পাব্লিক একাউন্ট কমিটিখনে সমষ্টিটোৰ নদুৱাৰ উন্নয়ণ খণ্ডৰ ধলাইবিলৰ পানী যোগান আঁচনিৰ লগতে জামুগুৰিহাটৰ নিৰ্মীয়মান বাৰেচহৰীয়া ভাঁওনাৰ সাংস্কৃতিক প্ৰকল্পৰ কাম কাজো পৰ্যবেক্ষণ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাকো চৰকাৰী আঁচনিৰ সফল ৰূপায়ন কৰাৰ চেষ্টা চলোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷