সৰুপথাৰ: ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানী আৰু বৰপথাৰ সংযোগ পথ দুটাই জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক। বৰপথাৰ আৰু টেঙানীক সংযোগ কৰা ফৰেষ্ট আলি আৰু ভোজৰ আলি নামৰ পথ দুটাৰ কদৰ্যময় ৰূপত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কিয়নো উক্ত পথটোত প্ৰতিদিনেই বহন ক্ষমতাতকৈ অধিক ওজনৰ গাড়ী আৰু বালি ভৰ্তি যান-বাহনসমূহ চলাচল কৰাৰ বাবে পথ দুটা যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।
উল্লেখ্য যে প্ৰতিদিনেই বৃহত্তৰ টেঙানী অঞ্চলৰ পৰা শ শ ছাত্ৰ-ছাত্ৰী এই যাতায়ত অনুপযোগী পথ দুটাৰে বৰপথাৰৰ বিভিন্ন স্কুল আৰু বৰপথাৰ মহাবিদ্যালয়লৈ আহিব লগা হোৱাত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি টেঙানী আঞ্চলিক ছাত্ৰ সন্থাই ধনশিৰি মহকুমাধিপতিৰ যোগেদি গড়কাপ্তানি মন্ত্ৰীলৈ বালি ভৰ্তি গধুৰ যান-বাহন বন্ধ আৰু পথদুটাৰ পুনৰ নিৰ্মাণৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে।
ইফালে শীঘ্ৰে এই ক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্রহণ নকৰিলে গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে টেঙানী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত বৰা আৰু সম্পাদক সিমান্ত বৰাই।