12/30/2022 - 17:14
in
নগৰবেৰাঃ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী পূৱ গোৱালপাৰাৰ শিমলীতোলাত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ শিমলীতোলা খণ্ড বন বিষয়া কনক চন্দ্ৰ ডেকাৰ নেতৃত্বত বন কৰ্মীয়ে শিমলীতোলা-ৰংজুলি সংযোগী পথত তহল দি থকা অৱস্থাত পুৱতি নিশা ফলা কাঠ ভৰ্তি নম্বৰ বিহীন DI বাহন জব্দ কৰিবলৈ সক্ষম হ'য়। জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য আনুমানিক দুই লাখ টকা হ'ব বুলি খণ্ড বন বিষয়াই জনায়৷ লগতে চোৰাং কাঠৰ বিৰুদ্ধে অনাগত দিনতো এনে অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে৷