দেৰগাঁও: শতিকাৰ সৰ্ববৃহৎ চুলাই ট্ৰেজেদিয়ে সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ পিছত গোলাঘাট জিলাৰ একাংশ চাহ বাগিছাত গঢ়লৈ উঠা অবৈধ মদৰ ঘাটিসমূহ মদ মুক্ত অসম দাবী সমিতিৰ তৎপৰতাত প্ৰশাসনে উচ্ছেদ কৰা পিছত এতিয়া একাংশ চাহ বাগিছাত পুনৰ গঢ়লৈ উঠিছে দেশীয় সুৰাৰ ৰমৰমীয়া বেহা। প্ৰাপ্ত তথ্য মতে গোলাঘাটৰ হাতীয়েখোৱাৰ একাংশ বিদ্যালয়ৰ কণ কণ ছাত্ৰ এতিয়া নামি পৰিছে মাৰাত্মক দেশীয় সুৰাৰ বেহাত। এই ক্ষেত্ৰত উৎসাহ জনাইছে হাতীয়েখোৱাৰ মহলৰ মহলদাৰ গৌতম দত্তই।
উল্লেখযোগ্য যে সোমবাৰে মদ মুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস, পূৱ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰিন্স আহমেদে মদৰ মহলৰ পৰা ওলাই চাৰিখন মটৰচাইকেল আৰোহীক ৰ'বলৈ কয় যদিও তিনিখন মটৰচাইকেল পলাই যাবলৈ সক্ষম হয়। ইয়াৰ এখন মটৰচাইকেল আৰোহীক দেশীয় সুৰাৰ সৈতে এজন নৱম শ্ৰেণীত অধ্যয়নত ছাত্ৰক কৰায়ত্ত কৰে। ছাত্রজনৰ ভাষ্য মতে তেওঁ হাতীয়েখোৱাৰ গৌতম দত্তৰ মহলৰ পৰা দেশীয় সুৰাখিনি বৰকাঠনি চাহ বাগিছাৰ যোগেন নামৰ এজন মদৰ ব্যৱসায়ীলৈ নিছিল। এনেকৈ বহু ছাত্ৰ এতিয়া মহলদাৰ গৌতম দত্তৰ কৃপাত দেশীয় সুৰাৰ সৰবৰাহত নামি পৰিছে।
ঘটনাস্থলীত চোমণি গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অহা এটি আৰক্ষী দলে ছাত্ৰজনৰ লগতে মহলদাৰ গৌতম দত্তক আটক কৰি সোধ পোছ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে হাতীয়েখোৱাস্থিত এই মহলটো ৰাতি ১২ বজা পৰ্যন্ত মদ বিক্ৰী কৰি অঞ্চলটোৰ সামাজিক, শৈক্ষিক পৰিবেশ বিনষ্ট কৰি আহিছে। স্থানীয় ৰাইজৰ লগতে মদ মুক্ত অসম দাবী সমিতিয়ে বহুবাৰ এই মহলটো হাতীয়েখোৱাৰ পৰা স্থানান্তৰিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও তিলমানো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।