01/05/2023 - 14:36
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৯ সখ্যক বিদ্যালয় সপ্তাহ সমাৰোহ আৰু যুৱ মহোৎসৱৰ আজি পুৱাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে অৱসৰী শিক্ষয়িত্ৰী ৰুবী হাজৰিকাই। তাৰ পিছতে পতাকা উত্তোলনৰ মণ্ডপৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ জ্যেষ্ঠ বিষয় শিক্ষক সুৰজিৎ চৌধুৰীয়ে আৰু পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ জীৱন বৰাই৷ এই উদ্দেশ্যেৰে পুৱা বিদ্যালয়খনৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনি পৰা উলিওৱা এক বাৰেবৰনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে জামুগুৰি ব্যৱসায় কেন্দ্ৰলৈকে পদ যাত্ৰা কৰি গৈ পুনৰ ওভতি আহে বিদ্যালয়লৈ৷ অহা বৰ্ষত বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি মন্তব্য কৰে অনুষ্ঠানৰ আঁত ধৰা বিদ্যালয়খনৰ অন্যতম কৃতি শিক্ষক সমাজকৰ্মী নিতুমনি বৰাই৷