ধনশিৰি মহকুমা সীমান্ত গাঁও প্ৰধান সন্থাৰ ৪৩ তম শ্বহীদ দিৱস পালন

 01/05/2023 - 18:22
 
 
 
 
সৰুপথাৰঃ আজি দিনযোৰা কাৰ্য্যসূচীৰে অসম-নাগালেণ্ড সীমান্তত ধনশিৰি মহকুমা সীমান্ত গাঁও প্ৰধান সন্থাৰ উদ্যোগত হালধিবাৰী লাচিত গাঁও প্ৰধানৰ সহযোগত দ-কুঁৱলীপথাৰত ৪৩ তম শ্বহীদ দিৱস পালন কৰে সীমান্ত গাঁও প্ৰধান সন্থাই। ১৯৭৯ চনৰ ৫ জানুৱাৰীত নগা দুৰ্বৃত্তৰ আক্ৰমণত বহুকেইজন নিৰীহ লোকৰ মৃত্যু হৈছিল। সেই দিন ধৰি সীমান্তবাসীয়ে ৫ জানুৱাৰী দিনটো শ্বহীদ দিৱস হিচাবে পালন কৰি আহিছে। এই দিনটোত তেওঁলোকে নগা দুৰ্বৃত্তৰ বলি হৈ শ্বহীদ হোৱা ব্যক্তিসকলক স্মৰণ কৰাৰ লগতে শ্বহীদৰ পৰিয়ালক সন্মান যাচে। প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে এই স্মৃতি দিৱস পালন কৰে। লগতে এই দিৱসত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন।
 
         
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।