01/06/2023 - 11:54
in
বাইহাটা চাৰিআলিঃ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্ত এতিয়া চলিছে ভোগালীক আদৰাৰ প্ৰস্তুুতিৰ লগতে ভেলাঘৰ সজাৰ প্ৰস্তুতি। যেন ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে এতিয়া ৰাজ্যত। বাইহাটা চাৰিআলিটো দেখা গ’ল মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হি ভেলাঘৰ। বাইহাটা চাৰিআলিৰ ধুলাৰা-ধুলিএৰা গাঁৱৰ যুৱকসকলে ভেলাঘৰৰ জড়িয়তে এনে এক এক ব্যতিক্ৰমী দৃশ্য ডাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰায় এমাহ আগৰ পৰা এনেদৰে যুৱকসকলে আৰ্হি ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে। যুৱক সকলক প্ৰেৰণা যোগাবলৈ গাঁৱৰ যুৱতী মহিলা শিশুকৰ ধৰি সকলোৱে এপাক বিহু নাচিছে ভেলাঘৰৰ বাকৰিত।