সৰ্থেবাৰী নামকৰণেৰে নতুন সমষ্টি গঠনৰ দাবীত সৰ্থেবাৰীত সংবাদ মেল

 01/06/2023 - 14:41
 
 
 
 
বৰপেটাঃ সমষ্টি পুনৰগঠন আৰু গাঁও কৰ্তন কাৰ্যত ক্ষোভিত ভিন্ন প্ৰান্তৰ ৰাইজ। বৰপেটা জিলাৰ ঐতিহাসিক সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও কৰ্তন আৰু সমষ্টি পুনৰগঠন সন্দৰ্ভত সংবাদ মেল যোগে প্ৰতিবাদত মুখৰ হ'ল ঐতিহাসিক সৰ্থেবাৰীৰ ৰাইজ। খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত আৰু জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত ঐতিহাসিক সৰ্থেবাৰীক কেন্দ্ৰ কৰি এটি নতুন বিধানসভা সমষ্টি পুনৰগঠন কৰাৰ দাবীত সোচ্ছাৰ হৈ পৰিছে ঐতিহাসিক কাঁহশিল্প নগৰী। এইদৰে সৰ্থেবাৰীত সংবাদমেল অনুষ্ঠিত কৰি সোচ্ছাৰ হৈ পৰিল সৰ্থেবাৰী বিধানসভা সমষ্টি দাবী সমিতি। বৃহস্পতিবাৰে সৰ্থেবাৰী পাঁচ খেল গঞাগয়ৰহৰ কাৰ্যালয়ত এইদৰে সংবাদ মেল অনুষ্ঠিত কৰি উত্থাপন কৰিলে এই দাবী। সৰুক্ষেত্ৰী মৌজা, পাকা মৌজা আৰু প্ৰয়োজন সাপেক্ষে সৰিয়হ মৌজাৰ কিছু অংশ আৰু চেঙাৰ কিছু অংশ লৈ সৰ্থেবাৰী বিধান সভা সমষ্টি পুনৰগঠন কৰাৰ দাবী উত্থাপন কৰিলে এই সংবাদ মেলত। সমষ্টি দাবী সমিতিৰ সভাপতি বাণীকান্ত ভূঞা, কাৰ্যকৰী সভাপতি প্ৰহ্লাদ তালুকদাৰ আৰু সম্পাদক চক্ৰেশ্বৰ ডেকাই সম্বোধন কৰা সভাই সৰ্থেবাৰীৰ ঐতিহ্য ৰক্ষাৰ দাবী উত্থাপন কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।