01/08/2023 - 13:09
in
শালবাৰীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে আৰম্ভ হৈছে বাৰ্ষিক বন্যপ্ৰাণী নিৰীক্ষণৰ প্ৰক্ৰিয়া৷ মূলত বাঘৰ গণনাৰ বাবে মানাহৰ প্ৰথম সংযোজন পাণবাৰী ৰেঞ্জকে ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত স্থাপন কৰা হৈছে ৪৫০ৰ অধিক ট্ৰেপ কেমেৰা৷ বাঘৰ বিচৰণৰ সম্ভাৱ্য এলেকাসমূহত প্ৰতি দুই বৰ্গকিলোমিটাৰৰ ব্যৱধানত স্থাপন কৰা হৈছে এটাকৈ কেমেৰা ষ্টেশ্যন৷ প্ৰায় ৪৫ দিন পিছত পুনৰ উঠাই দিয়া হ'ব এই কেমেৰাসমূহ৷ উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত ইতিমধ্যে মানাহে লাভ কৰিছে আন্তৰাষ্ট্ৰীয় বঁটা৷ সেই অনুসৰি ভাৰত চৰকাৰৰ NTCA য়ে CSR গ্ৰাণ্টৰ পৰা লাভ কৰা এক কোটি টকাৰ ৮০ লাখ টকাৰে এইবাৰ কেমেৰা ক্ৰয় কৰিছে মানাহ কৰ্তৃপক্ষই৷ বিগত ব্যাঘ্ৰ গণনাত মানাহত ৫২ টা প্ৰাপ্তবয়স্ক আৰু ৮ টা পোৱালিকে ধৰি মুঠ ৬০ টা ঢেঁকীয়াপতীয়া বাঘ পোৱা গৈছিল, যাৰ ২৭ টাই আছিল নতুন বাঘ৷ সেয়েহে এইবাৰো ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ আনহাতে প্ৰথমবাৰৰ বাবে মানাহ কৰ্তৃপক্ষই নিজাববীয়াকৈ এইবাৰ সম্পন্ন কৰিছে কেমেৰা স্থাপন প্ৰক্ৰিয়া৷ অৱশ্যে WWF-India ই প্ৰথম সংযোজন পাণবাৰী এলেকাত কেমেৰা ট্ৰেপিংত মানাহ কৰ্তৃপক্ষক সহযোগ কৰাৰ উপৰি Wildlife Institute of Imdia ই তত্বাবধান কৰিছিল কেমেৰা ট্ৰেপিংৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া৷ মুঠ ৮ টা দলে ভাগ লৈছিল এই সমগ্ৰ প্ৰক্ৰিয়াটোত৷ তথ্যগত বিশ্লেষনৰ অন্তত অহা মাৰ্চ মাহত মানাহত ঢেঁকীয়াপতীয়া বাঘৰ শেহতীয়া অৱস্থিতি সন্দৰ্ভত ফলাফল সদৰি হ'ব বুলি আশা কৰা হৈছে৷ সকলোৰে এটাই আশা, হয়তো ৰাষ্ট্ৰীয় উদ্যানখনত পুনৰ বৃদ্ধি পাব বাঘৰ সংখ্যা