01/09/2023 - 17:43
in
জামুগুৰিহাটঃ দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰাকৃতিক কৃষি আঁচনিৰ অধিনত আজি জামুগুৰিহাটৰ দীঘলপেটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী আৰু অভিভাৱক সকলৰ মাজত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধিনৰ শোনিতপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সৌজন্যত আৰু শ্যামল প্ৰদিউচাৰ কোম্পানীৰ সহযোগত আয়োজিত সজাগতা অনুষ্ঠানটিত ভূমি বিশেষজ্ঞ ড০ নমিতা দত্ত আৰু পথাৰ শস্য বিষয় বিশেষজ্ঞ ড০ ৰজী চেতিয়াই বক্তব্য প্ৰদান কৰি ৰাইজক প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত সজাগ হ’বলৈ আহ্বান জনায়৷ কৃষি বিশেষজ্ঞ দুগৰাকীয়ে ৰাইজক কৃষি কৰ্মৰ ক্ষেত্ৰত সকলো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে কৃষি কৰ্ম কৰি যাবলৈ অনুৰোধ জনাই কয় যে ৰাসায়নিক সাৰ প্ৰয়োগে কৃষিৰ উৎপাদন বৃদ্ধি নকৰে৷ ৰাসায়নিক সাৰ বিশেষকৈ অতিমাত্ৰা ইউৰিয়া সাৰ প্ৰয়োগৰ বাবে কৃষি উৎপাদন কম হোৱাৰ লগতে মাটিৰ গুনাগুণ হ্ৰাস পায়৷ এই ক্ষেত্ৰত সকলো সজাগ হ’ব লাগে যিহেতু মাটিৰ স্বাস্থ্য ভাল কৰি ৰখাতো আমাৰ সকলোৰে দ্বায়িত্ব ও কৰ্তব্য৷ প্ৰাকৃতিক কৃষি পদ্ধতি হৈছে সকলো ধৰনৰ সাৰ প্ৰয়োগ বৰ্জন কৰি কৰি গৰুৰ গোবৰ আৰু গো মূত্ৰ আৰু বেম্বো বাউচাৰ তথা জীৱামৃত ব্যৱহাৰ কৰিহে আমি উপযুক্ত ফচল উৎপাদন কৰিব পাৰো৷ সজাগতা অনুষ্ঠানত ফাৰ্মাৰ প্ৰদিউচাৰ কোম্পানীৰ সঞ্চালক অঞ্জন নাথৰ লগতে বিদ্যালয় খনিৰ প্ৰধান শিক্ষক অকন বৰাইও বক্তব্য প্ৰদান কৰি প্ৰাকৃতিক কৃষি পদ্ধতিৰ উপকাৰিতা সন্দৰ্ভত নিজৰ অভিজ্ঞতা বৰ্ননা কৰে৷ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ দুগৰাকীয়ে জানিবলৈ দিয়া মতে শোনিতপুৰ জিলাৰ ভিতৰ প্ৰথম এই জামুগুৰিহাটৰ দীঘলপেটা প্ৰাথমিক বিদ্যালয় খনিকেই নিৰ্ব্বাচিত কৰি অতি শীঘ্ৰে বিদ্যালয়ৰ পৰিত্যক্ত ভূমি সমুহত প্ৰাকৃতিক পদ্ধতিৰে কৃষি কৰ্ম আৰম্ভণিৰ ব্যৱস্থা কৰা হ’ব৷