গেংটকত অনুষ্ঠিত গীতাঞ্চ উৎসৱ ২০২২ত কোচৰাজবংশী নৃত্য প্ৰদৰ্শন কৰি প্ৰথম স্থান দখল চিথিলাৰ শিশুশিল্পী নিতুমনি বৰ্মনৰ

 01/09/2023 - 18:08
 
 
গেংটকৰ মান্নান ভৱনত গীতাঞ্চ উৎসৱ ২০২২ এইবেলি  ২৯ ,৩০আৰু ৩১ ডিচেম্বৰত সৰ্ব ভাৰতীয় পৰ্য্যায়ত নৃত্য, গীত, আৰ্ট আদি প্ৰতিযোগীতা মূলক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত কোকৰাঝাৰ নৃত্য কলা একাডেমি আৰু ফকিৰাগ্ৰাম ডাঞ্চ একাডেমি এণ্ড কালচাৰৰ শিক্ষাৰ্থী সকলেও অংশগ্ৰহণ কৰে। ছিকিম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত চিথিলাৰ বাসিন্দা কৃষ্ণ বৰ্মনৰ কন্যা নিতুমনি বৰ্মনে প্ৰতিযোগীতাত অংশগ্ৰহণ কৰে আৰু কোচৰাজবংশী নৃত্য প্ৰদৰ্শন কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ অধ্যক্ষ প্ৰলয় দত্তৰ তত্বাবধানত কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা কেইবাজনো প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰি বড়ো, হিন্দী, কথক আদি নৃত্যত ভাগ লৈছে বুলি দত্তই জানিবলৈ দিয়ে।   
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.