01/10/2023 - 17:50
in
জামুগুৰিহাটঃ অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি তথা বনাঞ্চলসমূহ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ স্বাৰ্থ আগত ৰাখি ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে এইবাৰ শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিটো উচ্ছেদ চলোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আজি জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত এটি পথৰ শুভ উদ্বোধন কৰিবলৈ আহি চতিয়া সমষ্টিৰ বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে এই কথা। আজি দিনৰ ভাগত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথীৰাজ ৰাভাৰ লগত বুঢ়াচাপৰিৰ অবৈধ বেদখল অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈ প্ৰয়োজন হলে শীঘ্ৰেই বুঢ়াচপৰিত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখ যে বটদ্ৰৱা, পাভৰ পাছত এইবাৰ বুঢ়াচাপৰিটো অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা কৰা শাসকীয় দলৰ বিধায়ক গৰাকীয়ে প্ৰকাশ কৰাৰ পাছত শাসনাধিষ্ট ৰাজ্য চৰকাৰে খনে আগন্তুক সময়ত যে অবৈধ ভাবে চৰকাৰী ভূমি দখল কৰি থকা বেদখলকাৰী সকলৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ'ব সেই কথাকেই প্ৰতিপন্ন কৰিছে।