জামুগুৰিহাটৰ টৌভঙাত দুখনকৈ চৰকাৰী আঁচনিৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

 01/10/2023 - 18:21
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ টৌভঙা অঞ্চলত আজি বিধায়ক পদ্ম হাজৰিকাই দুখনকৈ চৰকাৰী আচনিৰ শুভ উদ্বোধন কৰে৷ আজি দিনৰ ১২ বজাত অঞ্চলটোৰ বিলদাঙা গাঁৱত জলজীৱন মিচনৰ অধিনত শোনিতপুৰ জিলা পানী আৰু অনাময়ৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ জৰিয়তে ৯৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বিলদাঙা খোৱা পানী যোগান আঁচনিখন শুভ উদ্বোধন কৰে৷ ইয়াৰ পিচতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নাবাৰ্দৰ অধিনত গড়কাপ্তানী বিভাগৰ জৰিয়তে নিৰ্মাণ কৰা জীয়াভৰলী দলঙৰ কাষৰ পৰা বজাৰ গাঁও সংযোগী দুই কি:মি:দৈৰ্ঘ্যৰ পকী পথচোৱাৰ শুভ উদ্বোধন কৰে৷ উদ্বোধনী ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে পূৰ্বতে জীয়াভৰলী নদীখন দাতিকাষৰীয়া ৰাইজৰ বাবে অভিশাপ স্বৰূপ আছিল কিন্তু জীয়াভৰলীৰ পাৰত এই পকী পথ চোৱা নিৰ্মাণ কৰি দিয়াৰ বাবে এতিয়া জীয়াভৰলী নদীখন ৰাইজৰ বাবে আশিৰ্ব্বাদ হৈ পৰিল৷ নাবাৰ্ডৰ অধীনত তিনি কোটি চয় লাখ টকা ব্যয় সাপেক্ষে আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰি উলিওৱা এই পথটোৱেদি পৰ্য্যটকে জীয়া ভৰলীৰ অপৰূপ সৌন্দৰ্য্য প্ৰাণ ভৰি উপভোগ কৰিব বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে আগন্তুক সময়ত জীয়া ভৰলীৰ বনভোজস্থলী আকৰ্ষণীয় ৰুপত গঢ়ি তুলিবলৈ বিশেষ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে। পথ উদ্বোধনী অনুষ্ঠানটিত গড়কাপ্তানী বিভাগৰ উচ্ছ পদস্থ বিষয়া সকলৰ লগতে নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং,দক্ষিন মূঢ়াদল গাওপঞ্চায়তৰ সভাপতি দিলিপ সেনাপতি,অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোপাল দাস আৰু পথ চোৱাৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰা প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ তথা বিশিষ্ট যুৱ সমাজকৰ্মী ইমামুদ্দিন আহমেদ আৰু বুলু আহমেদকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।